খাৰুপেটীয়াত ন বোৱাৰীক হত্যাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে এবছৰ পূৰ্বে দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খগজানি গাঁৱৰ আব্দুল বাৰেকৰ পুত্ৰ নজৰুল হকৰ সৈতে দলগাওঁ আৰক্ষী থানাৰ বৰঙাবাৰী গাঁও ৰ আইনাল হকৰ কন্যা আলমিনা বেগমৰ লগত সামাজিক ভাৱে বিবাহ সম্পন্ন হয় । বিবাহ সম্পন্ন হোৱাৰ কিছুদিন পিছৰে পৰাই যৌতুক দাবী কৰি বোৱাৰী গৰাকীৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছিল স্বামীৰ পৰিয়ালে । চলিত মাহৰ ১৩ তাৰিখে যৌতুকৰ গইনা লৈ কাজিয়াৰ সৃষ্টি কৰি ন বোৱাৰী গৰাকীক স্বামীৰ পৰিয়ালে উপৰ্যুপৰি আক্ৰমণ কৰে আৰু হত্যাৰ চেষ্টাৰে মুখত বিষ ঢালি দিয়ে । গুৰুতৰ ভাৱে আহত বোৱাৰী গৰাকীক চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে । প্ৰায় এসপ্তাহ জি এম চি এইচৰ বিচনাত চটফটাই মৃত্যু বৰণ কৰে ন বোৱাৰী আলমিনা বেগম । ঘটনা সন্দৰ্ভত স্বামী নজৰুল হক , শহুৰ আব্দুল বাৰেক আৰু শাহুৰী নুৰ জাহানৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । উক্ত গোচৰৰ ভিত্তিত স্বামী নজৰুল হকক ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে যদিও বাকী অভিযুক্ত সকলক কৰাত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে বোৱাৰীৰ পিতৃ পৰিয়ালে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सूत्रों से मिली खबर के अनुसार अहमदाबाद में डेंगू के 470 और स्वाइन फ्लू के 216 मामले सामने आए अधिक जानकी के लिए sms news ko फॉलो करे..!अहमदाबाद में मानसून के मौसम की बारिश के बाद मच्छर जनित महामारियों में भारी वृद्धि हुई है। बड़े छोटे मच्छर के अलावा सफेद
अहमदाबाद में मानसून के मौसम की बारिश के बाद मच्छर जनित महामारियों में भारी वृद्धि हुई है। बड़े...
ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত আলিমুৰ বালি গাঁৱত অংগণবাদী কেন্দ্ৰত বিশ্ব স্তনপান সপ্তাহ
ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত আলিমুৰ বালি গাঁৱত অংগণবাদী কেন্দ্ৰত বিশ্ব স্তনপান সপ্তাহ...
Uttar Pradesh News: बांके बिहारी मंदिर में दर्शन को आए थे, मौत | 5 dead, Mathura Building collapses
Uttar Pradesh News: बांके बिहारी मंदिर में दर्शन को आए थे, मौत | 5 dead, Mathura Building collapses
Electric Scooter सेगमेंट में OLA की बादशाहत कायम, जानें April 2024 में कितनी हुई बिक्री
भारतीय बाजार में Electric Scooter की मांग में लगातार बढ़ोतरी हो रही है। April 2024 में OLA...