শিৱসাগৰঃ শিৱসাগৰ ফুকন নগৰৰ নিউলুক একাডেমীত যোৱা দেওবাৰে সাংস্কৃতিককৰ্মী গীতাঞ্জলি হাজৰিকাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নাট্যকৰ্মী অভিনৱ দেৱ কাশ্যপৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এক ৰাজহুৱা সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাট্যকৰ্মী অনংঙ্গ মোহন শৰ্মায়ে ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ জীয়ৰী জয়শ্ৰী চলিহাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সভাখনিত ড° মণি পাঠক, দেৱজিৎ কাকতি, চুৰেন মোহন, অঞ্জন কুমাৰ বৰুৱা আদিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ সভাত নাট্য আৰু সাহিত্য চৰ্চাৰ লগতে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোকপাত কৰা হয় ৷ উল্লেখযোগ্য যে, কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত নাট্য, সাহিত্য, পৰিবেশ, স্বাস্থ্য আদি সমাজৰ বিভিন্ন দিশৰ ওপৰত বিতংকৈ আলোচনাৰ অন্তত উক্ত ৰাজহুৱা সভাতেই জ্যেষ্ঠ নাট্যকৰ্মী ড° মণি পাঠকক সভাপতি আৰু অভিনৱ দেৱ কাশ্যপ, বিশ্ব খনিকৰ, দেৱজিৎ কাকতি, চুৰেন মোহনক আহ্বায়কৰূপে দায়িত্ব অৰ্পণ কৰাৰ লগতে অনংঙ্গ মোহন শৰ্মা, জয়শ্ৰী চলিহা, স্বপ্নালী শৰ্মা ভট্টাচাৰ্য্য, চন্দনা ফুকন বৰুৱা, অঞ্জন কুমাৰ বৰুৱা, মনু শৰ্মা, গীতাঞ্জলি হাজৰিকা, নিপা ৰাজখোৱা আদিক উপদেষ্টা হিচাপে লৈ জিলাখনত "দৃশ্যপট, শিৱসাগৰ" নামেৰে নাট্য-সাহিত্যৰ এটি নতুন অনুষ্ঠানৰ তদৰ্থ সমিতিখন গঠন কৰা হয় ৷ লগতে সভাই অহা ৫ জুনত "বিশ্ব পৰিৱেশ দিৱস" আৰু ১৪ জুনত "বিশ্ব ৰক্তদান দিৱস"ৰ লগত সংগতি ৰাখি নৱগঠিত অনুষ্ঠানটিৰ সমূহ কৰ্মকৰ্তাই গছপুলি ৰোপণ আৰু ৰক্তদানৰ দৰে কাৰ্যসূচী হাতত লোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷