আজি শুকুৰবাৰেশিৱসাগৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ সন্মিলিত ৰঙালী বিহু উদ্‌যাপন কৰাহয়আৰু ২৭গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাহয়।এই বিহু সন্মিলনখনে সগৌৰৱে ২৭ বছৰত ভৰি দিলে। তিনি দিনীয়া কাৰ্য্যসূচীৰে পালন কৰিব লৈ লোৱা আজিৰ প্ৰথম দিনৰ কাৰ্য্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ,সম্বৰ্ধনা হুচৰি পৰিবেশন আদিৰে আৰম্ভ কৰাহয়। সন্মিলিত ৰঙালী বিহুমঞ্চৰ উদ্বোধন কৰে বিদ্যালয় সমুহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে।

১৯৯৭ চনত আৰম্ভ কৰা এই।বিহু সন্মিলন খনে ২৭বছৰত ভৰিদিয়া এই ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি ২৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উদ্‌যাপন সমিতিৰ সভাপতি ডাঃপ্ৰবোদ্ধ চেতিয়াই পতাকা উত্তোলন কৰে।