৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ’ঘৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক শ্লোগানে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই আৰম্ভ কৰিলে বাইকৰেলী। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কমলপুৰ যুৱ মৰ্চাৰ উদ্যোগত আৰু সসস্ৰ সীমা বল ৰঙিয়াৰ ৰ সহযোগত প্ৰায় ২০ কিলোমিটাৰ বাইক ৰেলি প্ৰদৰ্শন কৰা হয় ৷
সহস্ৰাধিক লোকৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত বাইক ৰেলি বোৰ্কা মিনি ষ্টেডিয়ামত পৰা আৰম্ভ কৰি কমলপুৰ চকৰ মাজেৰে গৈ কেন্দুকণা গান্ধী মন্দপত সামৰণি পৰে। বাইক ৰেলিত অংশগ্ৰহণ কৰি সকলোৱে "বন্দে মাতৰম্, ভাৰত মাতা কি জয়" আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।