স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ডিব্ৰুগড়ত ফুটবল প্ৰশিক্ষাৰ্থীয়ে উলিয়ালে বিশাল শোভাযাত্ৰা। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে শুক্ৰবাৰে ডিব্ৰুগড়ৰ অন্যতম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ লুইত ফুটবল কচিং চেন্টাৰৰ প্ৰশিক্ষাৰ্থীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানক সঁহাৰি জনাই 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে বিশাল শোভাযাত্ৰা বাহিৰ কৰে।

ডিব্ৰুগড়ৰ কল্যানকামী লুইতপৰীয়া সংঘৰ খেলপথাৰৰ পৰা জপৰা গা‍ঁও হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ আমোলাপট্টি চাৰিআলিৰ পৰা মোহনাঘাট হৈ পুনৰ কল্যানকামী লুইতপৰীয়া সংঘৰ খেলপথাৰত সমাপন কৰে এই শোভাযাত্ৰা। লুইত ফুটবল কচিং চেন্টাৰৰ সভাপতি মুকুন্দ বুঢ়াগোহাই, প্ৰশিক্ষক দুৰ্লভ দাসৰ নেতৃত্বত ৰূপায়ন কৰে এই শোভাযাত্ৰাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।