ৰহা যুৱক সংঘৰ দ্বি বিংশতিতম ৰঙালী বিহু উৎসৱ অহা ৩ আৰু ৪মে ত উল্লহ মালহেৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
ৰহা যুৱক সংঘৰ সভাপতি মহেন্দ্ৰ কলিতা আৰু সম্পাদক ৰুবুল মুদৈয়ে জানিব দিয়ে যে যোৱা ২বহাগত পতাকা উওোলনেৰে তিনি দিনীয়া কাৰ্য্যসূচীৰে ৰঙালী বিহু উৎসৱ ৰ শুভাৰম্ভ কৰাৰ লগতে বিহু উৎসৱ ৰ ৩য় দিন ৩মে ত পূবা ৮বজাত সভাপতি মহেন্দ্ৰ কলিতাৰ দ্বাৰা পতাকা উওোলন, কাৰ্যকৰী সভাপতি গুনেন্দ্ৰ নাথৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে পূবা ৯বজাত জ্যেষ্ঠ প্ৰনাম অনুষ্ঠান অনুষ্ঠিত হব।
বিয়লী ২বজাত কুইজ প্ৰতিযোগিতা আৰু সন্ধ্যা ৭বজাত সমূহ জ্যেষ্ঠ উপদেষ্টা সকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু নিশা ৯বজাত আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু প্ৰদৰ্শন আৰু স্থানীয় শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।
সাংস্কৃতিক অনুষ্ঠান ৰ উদ্বোধন কৰিব ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা।
ৰঙালী উৎসৱ ৰ ৩য় দিন ৪মে ত বিয়লী ২বজাত চিত্ৰাংকন ৰ লগতে মহিলা সকলৰ আমোদজনক খেলধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হব।
সন্ধ্যা ৮বজাত বঁটা বিতৰন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।
৭.৩০বজাত মঞ্চ উদ্বোধনৰ পাছত আমন্ত্ৰিত বিহু আৰু সাংস্কৃতিক দলৰ অনুষ্ঠান অনুষ্ঠিত হোবাৰ লগতে নিশা ৯বজাত আমন্ত্ৰিত শিল্পী সকলৰ সংগীতানুষ্ঠান ৰঙেৰে এনিশা অনুষ্ঠিত হব।
বিশিষ্ট সমাজসেৱক ড° অসীম কুমাৰ দাসে উদ্বোধন কৰিব লগা ৰঙেৰে এনিশাৰ মুখ্য আকৰ্ষণ আকাংক্ষা মহন্ত আৰু ৰাজদ্বীপ গোস্বামীৰ গীতৰ শৰাই।