চৰাইদেউ জিলাত ধানৰ প্ৰদৰ্শনীমূলক খেতি সম্পন্ন

চৰাইদেউ জিলা কৃষি বিভাগ আৰু আটমা, এপাৰ্ট প্ৰকল্পৰ সহযোগত সোনাৰি উন্নয়ন খণ্ডৰ অধীনত যোৱা ২১ জুলাইট ভজোত কৃষক মুকিবুৰ ৰহমানৰ ২বিঘা মাটিত ১০বিধ বিভিন্ন প্ৰজাতিৰ ধানৰ প্ৰদৰ্শনীমূলক খেতি কৰা হয়৷ ইয়াৰ ভিতৰত আছে ৰঞ্জিত, ৰঞ্জিত ছাব ১, বাহাদুৰ ছাব ১,স্বৰ্ণ ছাব ১, কন জহা, মালভোগ, আইজং, হাইব্ৰিড ২৩৫৫ প্লাছ আৰু ডৰিয়া৷ 

চৰাইদেউ জিলাৰ কৃষি বিষয়া ৰবীন য়েইন, এপাৰ্টৰ নডেল বিষয়া অমৃত শইকীয়া, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ গৱেষক অংকিতা চাহু, কৃষি উন্নয়ন বিষয়া ক্ৰমে কল্পনা গগৈ, জেৰিফা উল্লাহ, কৃষি সম্প্ৰসাৰণ সহায়ক জগনাথ পাটিৰি তথা স্থানীয় কৃষক ৰাইজৰ উপস্থিতিত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ভজো গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰীনা বৰাই৷ এই অনুষ্ঠানৰ আঁত ধৰে আটমাৰ সোনাৰি খণ্ডৰ বিটিএম উৎপল বৰাই৷