শিৱসাগৰঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত ২৫ এপ্ৰিল, বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গিতালী দুৱৰাৰ সভাপতিত্বত জিলা ভিত্তিক শিশু মৃত্যুৰ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনোৱাৰ লগতে সভাৰ আঁত ধৰি সভাখনিৰ মুল উদ্দ্যেশ্য ব্যাখ্যা কৰে । সভাৰ আৰম্ভণিতে শিশু মৃত্যুৰ পৰ্যালোচনা কৰাৰ লগতে শিশু মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত স্বাস্থ্য খণ্ডসমূহে নিজ নিজ শিশু মৃত্যুৰ বিষয়ে পি.পি. টি. আকাৰে উপস্থাপন কৰে । এই পৰ্যালোচনা সভাত মৃতকৰ ঘৰৰ অভিভাৱক সকলো উপস্থিত থাকে। অতিৰিক্ত আয়ুক্তগৰাকীয়ে মৃত্যু হোৱা নৱজাতকৰ অভিভাৱকসকলৰ লগত অতি গুৰুত্বসহকাৰে প্ৰাক্‌ প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰসৱৰ মুহূৰ্ত্তলৈকে বিভিন্ন দিশ বিশদভাৱে আলোচনা কৰে । এই পৰ্যালোচনা সভাত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে গুণগত মানদণ্ডৰ প্ৰাক্‌ প্ৰসৱকালীন স্বাস্থ্যপৰীক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ এ.এন .এম. সকলক আহ্বান জনাইছে ৷ লগতে আশাকৰ্মী আৰু আশা ছুপাৰ ভাইজাৰসকলক বিপদ সংকুল গৰ্ভাৱস্থাৰ লক্ষণসমূহ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে এক পুনৰ প্ৰশিক্ষণ দিবৰ বাবে প্ৰতিটো স্বাস্থ্য খণ্ডৰ চিকিৎসক তথা চিকিৎসা বিষয়াসকলক আহ্বান জনায় ৷ আনহাতে আগন্তুক মাহত যাতে চলিত মাহতকৈ নৱজাতকৰ মৃত্যুৰ হাৰ কমে তাৰ বাবে নিজ নিজ কৌশল অৱলম্বন কৰিবলৈ স্বাস্থ্য খণ্ডসমূহক আহ্বান জনোৱাৰ লগতে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক সুষম আহাৰ গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ধ্যান দিবৰ বাবে আশাকৰ্মী আৰু আশা ছুপাৰ ভাইজাৰ সকলক আহ্বান জনায়। সভাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাখন কলিতা, নৱজাতক মৃত্যুৰ ন'ডেল বিষয়া, ডাঃ সুকল্যান দাস, জিলাখনৰ জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়াসকল, ডাঃ চালমা চুলতানা, ডাঃ দিপামণি শইকীয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডিমৌ সামূহিক চিকিৎসালয়ৰ অধীক্ষক, লিগীৰিপুখুৰি এছ .ডি. চি. এইচ.ৰ অধীক্ষক, নৱজাতক মৃত্যু হোৱা আটাইকেইটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, স্বাস্থ্য বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, এ.এন.এম. আৰু আশাকৰ্মী, আটাইকেইটা ব্লকৰ মহকুমা স্বাস্থ্য বিষয়াসকলৰ লগতে ডি.পি.এম .ইউ. আৰু বি.পি.এম.ইউ .ৰ সদস্যসকল উপস্থিত থাকে ৷৷