মৃত্যু দিনালৈকে ভাৰতীয় জনতা পাৰ্টীত থাকিব বিধায়ক প্ৰশান্ত ফুকন । শেহতীয়াকৈ, লক্ষীমপুৰত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কাৰ্যসূচীত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনক কটাক্ষ কৰি কংগ্ৰেছ দলক যোগদান কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক প্ৰশান্ত ফুকনে । ইয়াৰ সকলোখিনি উত্তৰ ১৫ তাৰিখৰ পিছত দিয়া হব বুলি মন্তব্য প্ৰশান্ত ফুকনৰ । কংগ্ৰেছ দলৰ নিজৰ ভেঁটি ঠিক কৰি লবলৈ আৰু গুৰি বঠা ঠিক কৰি লবলৈ পৰামৰ্শ বিধায়কগৰাকীৰ ।
উল্লেখ্য যে, আজাদি কা অমৃত মহোৎসৱ ৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্যে ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ এক বাইক ৰেলীত অংশগ্ৰহন কৰে বিধায়ক প্ৰশান্তু ফুকনে ।