মহানগৰীত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। সাতগাঁৱত এগৰাকী মহিলাক দুজন যুৱকে যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে স্থানীয় ৰাইজে এজন অভিযুক্তক কৰায়ত্ত কৰি সাতগাঁও থানাক গটাই দিয়ে।

জানিব পৰা মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈয়ে মহিলা গৰাকীক যুৱক দুজনে বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ চেষ্টা চলায়।

মহিলা গৰাকীয়ে যুৱক দুজনৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰাত অভিযুক্ত যুৱক দুজনে মহিলা গৰাকীৰ পেটত প্ৰচণ্ড গোৰ শুধোৱাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে ভুক্তভোগী মহিলা গৰাকী ডেৰ মাহৰ অন্তঃসত্তা আছিল। 

এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে সাতগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।