১৮২০চনত ৰহাৰ চাপৰমুখ সিংহ গাঁওত স্থাপিত উওৰ পূৰ্বাঞ্চলৰ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত যোৱা ৮এপ্ৰিলৰ পৰা পবিত্ৰ অখণ্ড পাঠেৰে শুভাৰম্ভ হোবা নবম গুৰু গুৰু টেগবাহাদুৰজীৰ ৪০৩তম্ জন্মোৎসব প্ৰকাশ উৎসৱ ৰ আজি দশম দিনা মাতাজী পৰিসৰৰ পৰা পঞ্চ প্যাৰেৰ নেতৃত্বত উলোবা বিশাল ধৰ্মীয় শুভাযাত্ৰা (নগৰ কীৰ্তন)ৰহা,চাপৰমুখৰ বিভিন্ন পথ অতিক্ৰম কৰাৰ লগতে শুভাযাত্ৰাত ৰহা,চাপৰমুখ সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক পুৰুষ মহিলা যুবক যুৱতীয়ে অংশ গ্ৰহণ কৰি সমস্ত ক্ষেত্ৰ চবদ কীৰ্তনৰে ভক্তিময় কৰি তুলে।

     ৪০৩তম্ প্ৰকাশ উৎসৱ উদযাপন সমিতিৰ সভাপতি সৰদাৰ ৰাজবীৰ সিংহে জানিব দিয়ে যে বৃহস্পতিবাৰে ৮এপ্ৰিলৰ পৰা চলি থকা পবিত্ৰ অখণ্ড পাঠ সমাপ্তি ৰ পাছত ধৰ্মীয় সভা (দীবান)অনুষ্ঠিত হব আৰু বিয়লী মাতাজীত বন্তি প্ৰজ্বলন কৰি ১১দিনীয়া ৪০৩তম্ প্ৰকাশ উৎসৱৰ সমাপন কৰা হব।