শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী জিলাত ৪৮ ঘণ্টাৰ বাবে ড্ৰাই দে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ মহামান্য ৰাজ্যপালৰ এক আদেশযোগে শিৱসাগৰ নিৰ্বাচনী জিলাত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ ৪৮ ঘণ্টাৰ বাবে সকলোধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী, সেৱন, মজুতকৰণ আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ দ্বাৰা স্বাক্ষৰিত পত্ৰ নং - E No : 14670 File No : EXC-11/2/2023-EXC-SIV/31 DTD:11/424 এক আদেশত এই কথা সদৰি কৰিছে । এই সময়ত সুৰা অথবা কিম্বনযুক্ত, নিচাযুক্ত পানীয়ৰ বিক্ৰী, বিতৰণ, ব্যক্তিগত বাসগৃহ, দোকান, ৰাজহুৱা স্থান, হোটেল আদিত নিচাযুক্ত দ্ৰব্য আৰু সুৰাৰ সেৱন আদিত নিষেধাজ্ঞা জাৰি কৰিছে । অনুৰূপ নিষেধাজ্ঞা ভোটগণনাৰ দিনাও গণনা শেষ নোহোৱা পৰ্য্যন্ত প্ৰযোজ্য হ’ব । উল্লেখযোগ্য যে, এই সময়ছোৱাত সকলোধৰণৰ বোণ্ডেদ ৱেৰহাউচ , দেশীয় সুৰাৰ বিপনী, 'অফ এণ্ড অন চপ ', জনগোষ্ঠীয় নিচাযুক্ত পানীয়, দেশীয় সুৰাৰ বিপনী, ক্লাব ' অন ' হোটেল ' অন ' আদিত সুৰাৰ বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে বন্ধ থাকিব । লগতে এই সময়ত কোনো ব্যক্তিয়ে সুৰা জাতীয় সামগ্ৰী মজুত ৰাখিব নোৱাৰিব । এই নিয়ম উলংঘা কৰিলে আবকাৰী আইনৰ অধীনত দণ্ডনীয় হ’ব বুলি শিৱসাগৰ জিলা আয়ুক্তই জানিবলৈ দিছে ৷৷