ৰহাত নবগঠিত নবউন্মেষ The Rising clubৰ উদ্যোগত আজি প্ৰাক ৰঙালী মেলাৰ আয়োজন কৰাৰ লগতে তিৱা অসমীয়া মিহলি গীত ভাস্কৰ ৰহিয়ালৰ অজলা লালুং উন্মোচন কৰা হয়।
এই উপলক্ষে ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত অনুষ্ঠানৰ পূবা বৃক্ষৰোপন কৰি শুভাৰম্ভ কৰাৰ লগতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত PD music production ৰ দ্বাৰা নিবেদিত তথা ড° বিদ্যুৎ বিকাশ সেনাপতি,ললিতা পাটৰ তিবা গীতৰ কথা আৰু পংকজ প্ৰানৰ ব্যবস্থাপনাত তিবা অসমীয়া মিহলি গীত ভাস্কৰ ৰহিয়ালৰ অজলা লালুং ৰ শুভমুক্তি কৰাৰ লগতে গীতৰ তালে তালে যুবতী শিল্পী সকলে নৃত্য কৰি সকলোকে আপ্লুত কৰি তুলে।
নবউন্মেষ ৰ সভাপতি ভাস্কৰজ্যোতি পাটৰে আঁত ধৰা অনুষ্ঠানত সদৌ অসম তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান, কবি,লেখক লক্ষী প্ৰসাদ ডেকা, সাংস্কৃতিক কৰ্মী বিমান গাঁওখোবা,জ্যেষ্ঠ সাংবাদিক সুভাষ ডেকা,ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনোবা ৰাজবংশী,সাংস্কৃতিক কৰ্মী তথা শিক্ষক ইন্দ্ৰ মোহন দাস উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য ৰাখে।
অনুষ্ঠানত নবউন্মেষ ৰ কোষাধক্ষ দিবাকৰ পাটৰ,সম্পাদক বিশ্বজ্যোতি ডেকা সহ সদস্য সদস্যা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।