অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হব দ্বিতীয় প্ৰৰ্যায়ৰ লোকসভা নিৰ্বাচন।সেইয়ে ৰাজনীতি দলৰ নেতা কৰ্মী বৃদ্ধি পাইছে তৎপৰতা আৰু তুংগত হৈছে নিৰ্বাচনী প্ৰচাৰ।
আজি ৮নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি মনোনিত প্ৰাৰ্থী সুৰেশ বৰাই ৰহাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ দুপৰীয়া ১বজাত ৰহাৰ চাপৰমুখ মাৰবাৰী পট্টীত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু উন্নয়ন হৈছে সেইয়ে লোকসভা নিৰ্বাচনত বিজেপি জয়ী হব আৰু নৰেন্দ্ৰ মোদী ৩য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হব।
নিৰ্বাচনী প্ৰচাৰ সভাত নগাঁও জিলা বিজেপিৰ উপ সভাপতি সুবৰ্ন সিংহ,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকিয়া সহ বিজেপি নেতা কৰ্মী সহ চাপৰমুখ মাৰবাৰী সমাজৰ প্ৰতিনিধি সহ পুৰুষ মহিলা উপস্থিত থাকে।