গোলাঘাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই। উপায়ুক্ত বৰুৱাই বিদ্যালয়খনৰ আন্তঃ আৰু বাহ্যিক পৰিৱেশ আৰু আন্তঃগাঁথনি প্ৰত্যক্ষ কৰি আপ্লুত হয়। বিদ্যালয়খনৰ ক্ষুদ্ৰ সংগ্ৰাহালয় "কলা কৃষ্টিৰ কুটীৰ' পৰিদৰ্শন কৰি সংগ্ৰাহালয়ত সযতনে মজুত কৰি ৰখা আপুৰুগীয়া সম্পাদসমূহ দেখি আশ্বৰ্য প্ৰকাশ কৰে উপযুক্ত গৰাকীয়ে।

 বিদ্যালয়খনৰ চৌদিশে আগুৰি থকা গছ গছনি, ফল মূল, বিবিধ নানাৰঙী ফুল আদি দেখিও বিদ্যালয় কতৃপক্ষৰ কাৰ্যক শলাগ লয় উপায়ুক্ত গৰাকী। বিদ্যালয়ৰ তৰফৰ পৰা উপায়ুক্ত গৰাকীক কিতাপৰ টোপোলা, জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।