দৰঙৰ চৰ চাপৰিত ভুৱা আধাৰ কেন্দ্ৰ।

সাধাৰণ লোকৰ অজ্ঞানতাৰ সযোগ লৈ অসাধু চক্ৰই ঘটিছে ধন।

গৰুখুটি নিকটৱৰ্তী ৰৌমাৰী চাপৰিত উৎখাত হয় এনে এক ভুৱা আধাৰকাৰ্ড প্ৰদান চক্ৰ।

 ২ নং ঘাটৰ আগৰ এঘৰত বাহৰ পাতিছিল এটা চক্ৰই।

আধাৰ কাৰ্ড কৰাৰ বিনিময়ত ৫০০ৰ পৰা এহেজাৰ টকা পৰ্যন্ত লোৱাৰ অভিযোগ।

কোনো বায়োমেট্ৰিক্স্ গ্ৰহণ নকৰাকৈ কেইবাদিনো ধৰি লৈ আছিল বহু লোকৰ পৰা ধন ।

খবৰ পাই সাংবাদিক উপস্থিত হোৱাত পলায়ন কৰে কেন্দ্ৰটোৰ তিনিগৰাকী যুৱক ক্ৰমে ১নং চাউলখোৱা চাপৰিৰ আনোৱাৰ হুছেইন, জেহেৰুল ইছলাম আৰু ভোকেলীকান্দাৰ পংকজ দাস।

শেষত ৰাইজে বিচাৰি আনে দুজনক। 

স্থানীয় লোকৰ খবৰৰ ভিত্তিত মঙলদৈ আৰক্ষীৰ এটা দলে আটক কৰি লৈ যায় আনোৱাৰ হুছেইন আৰু পংকজ দাসক।

জব্দ কৰে কেন্দ্ৰটোত ব্যৱহাৰ কৰা কম্পিউটাৰ আৰু নথি-পত্ৰ।