সমস্যা জৰ্জৰ মাজুলীৰ বহু পৰিয়ালেই আৰ্থিক ভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৷ মাজুলীত আৰ্থিক সমস্যা শিক্ষাৰ বাবে হেঙাৰ হৈ আহিছে ৷ কিন্তু উল্লেখযোগ্য কথা যে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱনৰ সাৰথি হিচাপে থিয় দি আহিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গঠিত বিদ্যাৰ্থী কল্যাণ ন্যাস ''শিক্ষাকোষে"৷ ২০০৬ চনৰ ৪ জুলাইত তেতিয়াৰ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হৈছিল শিক্ষাকোষ৷ মাজুুলীৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী, শিক্ষাবিদক লৈ গঠিত উক্ত শিক্ষাকোষে ২০০৬ চনৰ পৰা মাজুলীৰ আৰ্থিক অৱস্থা দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান কৰি আহিছে৷ ২০০৬ চনৰ পৰা ২০২১ চনলৈকে মুঠ ৯৬৩ জন ছাত্ৰ-ছাত্ৰীক মুঠ ১৪,০৪,৬৩৭ টকা প্ৰদান কৰা হৈছে৷ এই বৰ্ষতো ১০ আগষ্টত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলা খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিতে ৬২ গৰাকী শিক্ষাৰ্থীক মুঠ ১ লাখ ৮৫ হাজাৰ টকা শৈক্ষিক জলপানি প্ৰদান কৰে৷ ২০০৬ চনত আৰম্ভ হোৱা শিক্ষাকোষৰ জড়িয়তে ২০০৬-২০২২ চনলৈকে মুঠ ৯৯৮ জন ছাত্ৰ-ছাত্ৰীক ১৫ লাখ ৮৯ হাজাৰ ৬৩৭ টকা প্ৰদান কৰা হৈছে৷ এই আপাহতে শিক্ষাকোষলৈ সহায়ৰ হাত আগবঢ়োৱা প্ৰতি গৰাকী দাতা সদস্যৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা সাধাৰণ সম্পাদক বিতোপন শৰ্মা, শিক্ষাকোষৰ সভাপতি ঘনকান্ত নাথ আৰু সম্পাদক ৰঞ্জিত সেনে ৷

এই বৰ্ষত বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মাজুলীৰ সু সন্তান দেৱজিৎ শইকীয়াক বিপিন হাজৰিকা স্মৃতি বঁটা- দাতা বাসন্তী হাজৰিকা, বাস্তৱ পায়েঙক সভাৰাম নাথ স্মৃতি বঁটা - দাতা আনন্দ নাথ, হিৰকজ্যোতি কলিতাক তিলেশ্বৰ শইকীয়া আৰু সুবৰ্ণ শইকীয়া স্মৃতি বঁটা- দাতা জীৱন শইকীয়া, হৃদয়জ্যোতি হাজৰিকাক ভোলাৰাম নাথ স্মৃতি বঁটা আৰু গোলাপ নাথ স্মৃতি বঁটা দাতা- ৰাধাকৃষ্ণ নাথ আৰু তৰুপ্ৰভা নাথ, হীমা বৰা আৰু প্ৰিয়ংকা বৰাক মোলাৰাম নাথ আৰু দাবহী নাথ সোঁৱৰণী অসমীয়া বিষয়ৰ বঁটা দাতা- প্ৰফুল্ল নাথ -- এই বঁটা প্ৰদান কৰাৰ লগতে মাজুলীৰ জালুকবাৰী গাঁৱৰ প্ৰয়াত শিশুৰাম বৰাৰ স্মৃতিত দহ হেজাৰ টকা ( দাতা- বাবুল বৰা, যোৰহাট), সভাৰাম নাথ স্মৃতি বঁটা- (দাতা আনন্দ নাথ,ৰঙাচাহী), ধীৰেন্দ্ৰ নাথ স্মৃতি বঁটা (দাতা, ভানু নাথ , ৰাইডাঙনী) হাহিৰাম মুক্তিয়াৰ স্মৃতি বঁটা( দাতা অজিত মুক্তিয়াৰ, আদিএলেঙী), লম্বেশ্বৰ হাজৰিকা স্মৃতি বঁটা,( দাতা, অতুল হাজৰিকা,কমলপুৰ), গোলোক কলিতা স্মৃতি বঁটা ( দাতা - পানীৰাম কলিতা,কমলাবাৰী), বিনোদ বৰা স্মৃতি বঁটা( দাতা- হীৰামাই বৰা, যোৰহাট), মুহিধৰ ভঁৰালী সোঁৱৰণী বঁটা ,(দাতা- ইন্দুকল্প ভঁৰালী,কমলাবাৰী), জয়নাথ বৰা স্মৃতি বঁটা-(দাতা পূৰ্বজ্যোতি বৰা, আইলেণ্ড একাডেমী), বৈদ্যনাথ সেন স্মৃতি বঁটা , (দাতা প্ৰসেনজিৎ সেন,কমলাবাৰী), কানুৰাম শইকীয়া স্মৃতি বঁটা , (দাতা - যোগেন শইকীয়া, নামকাটনী) ন্যাস বঁটা প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে জিলা ছাত্ৰ সন্থাৰ শিক্ষাকোষত বৰ্তমান জমা আছে ৬,২১,০০০ টকা ৷ শিক্ষাকোষৰ এনে পদক্ষেপক আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ সভাত ড° ভট্টাচাৰ্যই কয় যে- মাজুলীৰ দৰে ঠাইত ৰাইজৰ সহযোগত প্ৰতি বছৰে শিক্ষাকোষে ছাত্ৰ-ছাত্ৰীক লাখ লাখ টকা আৰ্থিক জলপানি প্ৰদান কৰি অহাৰ উপৰিও ৬ লাখতকৈও অধিক টকা কোষত জমা ৰাখিছে৷ এই পদক্ষেপে মাজুলীৰ বহু পৰিয়ালৰ আৰ্থিক ভাৱে দুৰ্বল অথচ মেধা ছাত্ৰ-ছাত্ৰীৰ কাষত সাহস হিচাপে জিলা ছাত্ৰ সন্থা সাৰথি হৈ থিয় হৈছে৷ ই অসমৰ বাবে এক অনুকৰণীয়, আশাপ্ৰদ, ইতিবাচক, অত্যন্ত প্ৰশংসনীয় পদক্ষেপ বুলি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উল্লেখ কৰে৷ লগতে মুখ্য উপদেষ্টা গৰাকীয়ে শিক্ষাকোষৰ এই প্ৰচেষ্টা নিৰৱচ্ছিন্ন ভাৱে আগুৱাই নি ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে সাহস হৈ থাকিবলৈ জিলা ছাত্ৰ সন্থা আৰু বিদ্যাৰ্থী কল্যাণ ন্যাস শিক্ষাকোষৰ সমূহ সদস্য - সদস্যাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ দাতা পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছে ৷