নতুন দিল্লী, ১২ আগষ্ট। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত স্বাধীনতা দিৱসৰ বাবে বীৰ শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰিবলৈ ১৪ আগষ্টত 'বিভাজন বিভিষীকা দিৱস' পালন কৰিব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে কয় যে 'বিভাজন বিভিষীকা দিৱস' কাৰ্যসূচীৰ সময়ত সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষ সকলৰ প্ৰতিমূৰ্তিৰ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব। স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষৰ মূৰ্তিবোৰত মাল্যাৰ্পন কৰা হ'ব।
দেশৰ প্ৰতিখন জিলাতে নীৰৱ শোভাযাত্ৰা উলিওৱা হ'ব। তেওঁ কয় যে স্বাধীনতাৰ পূৰ্বে স্বাধীনতা সংগ্ৰামীসকলে তেওঁলোকে নিজৰ জীৱন উৎসর্গা কৰিছিল। দেশ খন স্বাাধীন হ'বলৈ সকলো খিনি ত্যাগ কৰিছিল। অনুষ্ঠানটো তেওঁলোকৰ ত্যাগৰ প্ৰতি সন্মান হিচাপে অনুষ্ঠিত হ'ব।
সিঙে লগতে কয় যে যি সমাজে দেশৰ পূৰ্বপুৰুষ, স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰে। তেওঁলোকৰ ত্যাগ আৰু তপস্যা আগন্তুক প্ৰজন্মক কয় তেতিয়াহে দেশ আৰু সমাজ জীয়াই থাকে। উল্লেখযোগ্য যে ১৪ আগষ্টত ভাৰত বিভক্ত হৈছিল আৰু পাকিস্তান গঠন হৈছিল। এইবেলি স্বাধীনতা দিৱসত সমগ্ৰ দেশতে ২০ কোটি পতাকা উত্তোলন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।