"এই সময়ত দলীয় ৰাজনীতি কৰাৰ সময় নহয় । কংগ্ৰেছে ৰাষ্ট্ৰীয় পতাখনক লৈ ৰাজনীতি কৰিছে । আমি পতাকাখনক সন্মানহে কৰিছো ।" এই মন্তব্য কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । আজি মৰাণৰ ২ নং খুমটাই বামলাইন মধ্য ইংৰাজী বিদ্যালয়ৰ এটা গৃহ উদ্বোধন কৰি সাংবাদিকৰ আগত মন্ত্ৰীজনে কংগ্ৰেছত কটাক্ষ কৰি কেইবাটাও মন্তব্য দাঙি ধৰে । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিয়ে ৰাষ্ট্ৰীয় পতাখনক লৈ ব্যৱসায় কৰিছে বুলি মন্তব্য কৰাৰ পিছত মন্ত্ৰী জনে কয় যে আমি পতাকাখনক লৈ ব্যৱসায় কৰা নাই ।

পতাকাখন কি কি কাপোৰৰ হ'ব লাগে সেয়া সংবিধানে নিয়ম বান্ধি দিছে । হাতে বোৱা কাপোৰ কম সময়ত নিৰ্মাণ কৰাতো সহজ নহয় । সেয়ে এচ অ' পি অনুসৰি পতাকা নিৰ্মাণ কৰা হৈছে । কংগ্ৰেছেহে জাতীয় পতাকা সলনি নিজৰ পতাকা উৰুৱাইছে বুলি মন্ত্ৰীজনে বিৰোধী দলপতিজনক কটাক্ষ কৰে