শিৱসাগৰঃ---শিৱসাগৰৰ ক্ৰীড়া অনুষ্ঠান "জংগম"ৰ উদ্যেগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত ২৯ তম্‌ এ পি ৰাও-ক্ষীৰেশ্বৰ দত্ত স্কুল ক্ৰিকেটৰ দুদিনীয়া ফাইনেলত গধূলা ব্ৰাউন স্কুলে ৯ উইকেটত পূৰ্ণবিকাশ কেন্দ্ৰীয় বিদ্যালয়ক পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ যে, প্ৰথম দিনা বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত আজি দ্বিতীয় দিনা পূৰ্ণবিকাশে প্ৰথমে বেটিং কৰি আজিৰ ফাইনেলৰ শ্রেষ্ঠ খেলুৱৈ তথা প্ৰতিযোগিতাৰ শ্রেষ্ঠ বলাৰ জাবাজ খানৰ সুন্দৰ বলিংৰ (৬/১২) সন্মুখত মাত্ৰ ৩৪ ৰাণতে নিজৰ ১ম ইনিংছ সামৰে । গধূলা ব্ৰাউনৰ মেহৰুব হুছেইনৰ ২৮ আৰু অংকিত কুমাৰ শ্বাহৰ ২৫ ৰাণৰ সহায়ত ১০৫/৬ ১ম ইনিংছ ঘোষণা কৰি ৭৬ ৰাণৰ অগ্ৰগতি লাভ কৰে । পূৰ্ণবিকাশৰ নৱাব জাবিৰ ইৰফানে বলিংত ৩/২৫ উইকেট আৰু ২য় ইনিংছত বেটিংত ২৯ ৰাণেৰে ১১০ ৰাণত অল আউট হৈ ৩৪ ৰাণৰ টাৰ্গেট দিয়ে। গধূলা ব্ৰাউন দলে ৪১/১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে।প্ৰতিযোগিতাৰ শ্রেষ্ঠ বেটচ্‌মেন- অংকিত কুমাৰ শ্বাহ, শ্রেষ্ঠ ফিল্ডাৰ কৌশিক ৰঞ্জন দাস, ১ম চেমিত অংকুৰ বুঢ়াগোহাঁই আৰু ২য় চেমিত অংকিত শ্বাহে শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে । "জংগম"ৰ সম্পাদক শ্যামন্ত ঘোষে আঁত ধৰা বঁটা বিতৰণ অনুষ্ঠানত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোণাৰাম মিলি, সাধাৰণ সম্পাদক মনোজ কুমাৰ ভাগৱতী, কাৰ্য্যকৰী সভাপতি গোৱিন্দ ভূষণ বৰুৱা, কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰ, ক্ৰিকেট সম্পাদক মেহদি মাচুদ আহমেদ, ক্ৰীড়া সাংবাদিক মুস্তাফিজ আহমেদ, দুৰদৰ্শনৰ আৰবাজৰ লগতে দুয়োখন স্কুলৰ শিক্ষকমণ্ডলী উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে।৷