ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত আজি শিক্ষা বিষয়া সুৰেশ সৰকাৰৰ সভাপতিত্বত তথা শিক্ষক লক্ষী প্ৰসাদ ডেকা আৰু বি আৰ পি বিজয়ানন্দ লস্কৰে আঁত ধৰা বিনামূলীয়া পাঠ্য পুথি বিতৰন সভাত কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত কেবাইবাখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীক বিনামূলীয়া পাঠ্য পুথি বিতৰন কৰি শুভাৰম্ভ কৰা হয়।

     অনুষ্ঠিত সভাত জ্যেষ্ঠ নাগৰিক তথা প্ৰাক্তন শিক্ষক কীৰ্তি বৰা,ৰহা পৌৰ সভাৰ উপ পৌৰপতি অনিমা দাস, সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাই বক্তব্য ৰখাৰ লগতে সভাত বিনামূলীয়া পাঠ্য পুথি বিতৰন সমিতিৰ সদস্য সদস্যা,শিক্ষক, শিক্ষয়ত্ৰী,ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সহ গনমান্য ব্যক্তি উপস্থিত থাকে।

     শিক্ষা বিষয়া সুৰেশ সৰকাৰে জানিব দিয়ে যে আজি বিনামূলীয়া পাঠ্য পুথি বিতৰনৰ শুভাৰম্ভ হোবাৰ লগতে অহা তিনি দিনৰ ভিতৰত ৩২৬খন বিদ্যালয়ৰ ৩২হাজাৰ ৩৯৮জন ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া পাঠ্য পুথি বিতৰন কৰা হব।