দেশৰ ভিতৰত দ্বিতীয় আৰু ৰাজ্যৰ ভিতৰতে প্ৰথম শ্ৰেষ্ঠ থানাৰ সন্মান দেৰগাঁও থানালৈ।

অসম চৰকাৰৰ গৃহ মন্ত্ৰালয়ে দেৰগাঁও থানাক প্ৰদান কৰিছে ৰাজ্যৰ শ্ৰেষ্ঠ থানাৰ স্বীকৃতি। বিভাগীয় বার্ষিক মূল্যায়নত ২০২১ বৰ্ষত অসমৰ বিভিন্ন থানাসমূহৰ ভিতৰত সকলো দিশত উৎকৃষ্ট সেৱাৰ বাবে দেৰগাঁও থানাই এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। বর্তমান দেৰগাঁৱত আৰক্ষী চক্ৰ পৰিদৰ্শক হৈ থকা ময়ূৰজিৎ গগৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ থকা সময়ত বৃহত্তৰ দেৰগাঁও অঞ্চলৰ আইন-শৃংখলাজনিত দিশত সফলতাৰ বাবে দেৰগাঁও থানাই ৰাজ্যৰ ভিতৰত শ্রেষ্ঠত্ব আৰু দেশৰ ভিতৰত দ্বিতীয় স্থান অর্জন কৰে। অপৰাধ নিয়ন্ত্ৰণত সফলতা, অপৰাধ উদঘাটন, জনসাধাৰণৰ লগত সুসম্পৰ্ক ৰক্ষা আদি দিশসমূহৰ ওপৰত ভিত্তি কৰি এই শ্ৰেষ্ঠতাৰ বঁটা আগবঢ়োৱা হৈছে। দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেৰগাঁও থানাই কঢ়িয়াই অনা এনে সুখবৰে সাংস্কৃতিক নগৰী দেৰগাঁৱৰ লগতে সমগ্র গোলাঘাট জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।