ৰহা সৰাগাঁও কেন্দুগুৰি শিলগোঁসাই সাৰ্বজনীন দৌলযাত্ৰা উৎসৱ আৰু পশ্চিম শালমাৰা, পূব সৰাগাঁও,ববৰাআটি দৌলযাত্ৰা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কেন্দুগুৰি শিলগোঁসাই সাৰ্বজনীন দৌল মন্দিৰ ত ২৫ মাৰ্চৰ পৰা দুই দিনীয়া দৌলযাত্ৰা উৎসৱৰ পূবা বিশিষ্ট সমাজকৰ্মী লক্ষী প্ৰসাদ ডেকা ৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু সমাজকৰ্মী নৱ কুমাৰ হীৰাৰ দ্বাৰা ধৰ্মধ্বজা উওোলন কৰি কৰাৰ লগতে অক্ষয় বন্তি প্ৰজ্বলন কৰা হয়।

      দৌল মহোৎসৱ ৰ সংগতি ৰাখি শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ হয়।

     দ্বিতীয় দিন ২৬মাৰ্চ আজি শ্ৰীমদ্ভাগৱত পাঠৰ সামৰনি হোবাৰ লগতে অঞ্চলৰ ভক্তপ্ৰান ৰাইজৰ দ্বাৰা নাম প্ৰসংগ কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।

       ৰাতি ৯বজাত নিমন্ত্ৰিত কৃষ্ণ চূডা  দিহানাম দলৰ দ্বাৰা অনুষ্ঠান পৰিবেশন কৰি দুই দিনীয়া উৎসৱ ৰ সমাপন কৰা হব।