আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে অসমৰ ভিন্ন স্থানত হৰ ঘৰ তিৰংগা অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ,ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীস্থীত M/S PRAKASH BORGOHAIN IMFL WHOLESALE (BONDED) WAREHOUSE আৰু চৰাইদেউ জিলা আবকাৰী বিভাগৰ যৌথ উদ্যোগত স্বাধীনতাৰ ৭৫ তম বৰ্ষ পূৰ্তি উপলক্ষে " আজাদী কা অমৃত মহোৎসৱ "ৰ অধীনত " হৰ ঘৰ তিৰঙ্গা " অভিযানৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ ডিপলিং চাহ বাগিচাত চাহ শ্ৰমিক আৰু কৰ্মচাৰীবৃন্দৰ মাজত বিতৰণ কৰা হয় ৫৫০ খন ৰাষ্ট্ৰীয় পতাকা। নিজ ৰক্তৰ বিনিময়ত স্বাধীনতা উপহাৰ দিয়া প্ৰতি গৰাকী শ্বহীদ বীৰ-বীৰাংগনালৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ পৰিলক্ষিত হয়।