শিৱসাগৰঃ শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত এদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব যক্ষ্মা দিৱস উদ্‌যাপন ৷ জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰাৰ সভাপতিত্বত আজি শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব যক্ষ্মা দিৱস(World TB Day) উদ্‌যাপন কৰা হয় । উল্লেখযোগ্য যে, বিশ্ব যক্ষ্মা দিৱস উপলক্ষ্যে আয়োজিত এই সভাত অতিৰিক্ত আয়ুক্তৰ লগতে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়াই যক্ষ্মা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰ সম্পৰ্কে নিজ নিজ বক্তব্য দাঙি ধৰে । আজিৰ এই সভাত শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ক্ৰমে ডাঃ সৌৰভ গগৈ আৰু ডাঃ ৰাজীৱ বৰুৱা, জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বীজেন কোঁচ, মুখ্য চিকিৎসা বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ বিশ্বজিৎ হাজৰিকা, ম'ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ললিত শইকীয়া, DPMU ৰ সদস্যসকল, আটাইকেইটা স্বাস্থ্য খণ্ডৰ লগতে জিলা যক্ষ্মা ৰোগৰ বিষয়া/কৰ্মকৰ্তাসকল,কেইবাটাও বেচৰকাৰী সংস্থাৰ সদস্য, বিষয়া আৰু উদনগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ সকলো কৰ্মচাৰী,আশাকৰ্মীসকল উপস্থিত থাকে ৷৷