দেওবাৰে ঐতিহাসিক।শিৱদলৰ সন্মুখত প্ৰনালীৱদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহন প্ৰকল্পৰ অধীনত শিৱসাগৰ লোকসভা নিৰ্বাচন উপলক্ষে শিৱসাগৰ জিলাৰ অন্তৰ্গত মহাবিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আল্পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নগৰৰ দ'লমুখ চাৰি আলিত অনুষ্ঠিত কৰা আল্পনাৰ বিষয় আছিল, নিৰ্বাচনত ভোটদান আৰু ভোটাৰ সজাগতা।অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰা, শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কংকণা শইকীয়াৰ লগতে উপস্থিত থাকে চিন্ময়ী স্মিতা চুতীয়া আৰু ৰাজহ চক্ৰবিষয়া, দায়িত্ববাহী বিষয়া আদি।