শণিবাৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ বিষয় ববীয়াই শিৱসাগৰৰ ঐতিহাসিক স্থান সমুহ ৰংঘৰ তলাতল ঘৰ আদিৰ প্ৰৱেশ পথত বহিঃৰাজ্যৰ লোকক নিযুক্তি দিয়াৰ সন্দৰ্ভত , ভাষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি পয্যৰ্তক আহি উভতি যাব লগা পৰিবেশ সৃষ্টি হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ বিষয় সচিৱ পাৰ্থ গগৈয়ে। শিপাৰ লগত সম্বন্ধ নথকা ঐতিহাসিক সমলৰ কোনো ধৰণৰ জ্ঞান নথকা লোকক।নিযুক্তি দিয়াৰ কাৰণে ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ ফলত বহু পৰ্য্যতক উভতি যাৱ লগা হৈছে। সেইয়ে টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগক এসপ্তাহৰ সময় দিয়ে ইয়াৰ উচিত ব্যৱস্থা ল'বৰ বাবে।
শিৱসাগৰৰ তলাতল ঘৰত বহিৰাগতক নিযুক্তি।এসপ্তা হৰ ভিতৰত ব্যৱস্থা গ্ৰহনৰ দাবী সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ।
