শুকুৰবাৰে মৰাণহাট উষাপুৰ খেলপথাৰত উলহ-মালহেৰে উদ্‌যাপন কৰাহয় চতুৰ্দশ বাৰ্ষিক তৰা চিঙা বিহু। উষাপুৰ মহিলা সমাজ। মৰাণ মহিলামঞ্চ,টাই আহোম যুৱ পৰিষদ অসমৰ মৰাণহাট আঞ্চলিক সমিতি, মৰাণ শিল্পী সমাজ, আৰু বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ সহযোগত আয়োজন কৰা এই তৰাচিঙা বিহু উপলক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে।