শিৱসাগৰঃ শিৱসাগৰত আজি নিৰ্বাচনী প্ৰতীক উন্মোচন জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ ৷ ভোটদাতা ৰাইজক শিক্ষিত কৰি ভোটদানৰ জৰিয়তে এখন শক্তিশালী, সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ হকে ভাৰতীয় নিৰ্বাচন আয়োগে গ্ৰহণ কৰা এক অন্যতম প্ৰচাৰমূলক কাৰ্য্যসূচী হৈছে SVEEP । আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষ্যে আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চৌহদত এই অভিযান আৰম্ভ কৰাৰ লগতে ইয়াৰ প্ৰতীক চিহ্ন উন্মোচন কৰে শিৱসাগৰ জিলা আয়ুক্ত আদিত‍্য বিক্ৰম যাদৱে ৷ উল্লেখযোগ্য যে, প্ৰতীক চিহ্ন উন্মোচন কৰি আয়ুক্তগৰাকীয়ে কয় যে, শিৱসাগৰ নিৰ্বাচনী জিলাত এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতীক চিহ্ন 'BLO বাইদেউ' গ্ৰহণ কৰা হৈছে । এই বিষয়ৰ ওপৰত ব্যাখ্যা কৰি আয়ুক্তগৰাকীয়ে বিভিন্ন ক্ষেত্ৰসমূহত কৰ্মৰত BLO বাইদেউসকলে সাধাৰণ শ্ৰেণী নাগৰিকৰ লগত নিবিড়ভাৱে জড়িত হৈ আছে , সেয়ে এই অভিযানত তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ৷ এই প্ৰতীক চিহ্নৰ শ্লোগান হৈছে "আপোনাৰ ভোট - আপোনাৰ কন্ঠ, আমাৰ ভৱিষ্যত ।" শিৱসাগৰ নিৰ্বাচনী জিলাত আজিৰে পৰা ভোট দানৰ হকে ব্যাপক প্ৰচাৰৰ আয়োজন কৰা হৈছে । জিলা নিৰ্বাচনী বিষয়া সৌগত সিদ্ধাৰ্থ গোস্বামীয়ে BLO বাইদেউসকলৰ সম্পৰ্কে বিষদভাৱে ব্যাখ্যা কৰে । ৰুমিন বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, অতিৰিক্ত আয়ুক্ত ক্ৰমে গীতালী দুৱৰা আৰু কংকনা শইকীয়া আদিৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল, BLO বাইদেউসকল, যুৱশিল্পী জয়ন্ত বেজ, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকল, কেইবাগৰাকীও গণ্যমাণ্য ব্যক্তিৰ লগতে সংবাদকৰ্মীসকল উপস্থিত থাকে ৷৷