তিনি বৰণীয়া জাতীয় পতাকাই ভৰি পৰিল আজি ডিব্ৰুগড় বৰবৰুৱা আৰক্ষী থানাৰ

প্ৰাংগন। পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে একেলগে উৰুৱালে জাতীয় পতাকা বৰবৰুৱা আৰক্ষী থানত।

দেশৰ ৭৫ সংখ্যাক স্বাধীনতা দিৱসৰ বাবে ভিন্ন স্থানত ডিব্ৰুগড়ত আজাদী কা অমৃত মহোৎসৱ উৎযাপন কৰিছে নানা অনুষ্ঠান প্ৰতিষ্ঠানে ।

জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই ৰাইজৰ মাজত বিতৰণ কৰা দেখা গৈছে জাতীয় পতাকা।

ডিব্ৰুগড় বৰবৰুৱা আৰক্ষী থানৰ প্ৰাংগণত বৰবৰুৱা আৰক্ষী থানৰ উদ্যোগত আৰু বৰবৰুৱা ক্ৰীড়া সন্থাৰ জৰিয়তে বৃহৎ বৰবৰুৱা অঞ্চলত অবস্থিত শিক্ষা অনুষ্ঠান সমূহত অধ্যান কৰি থকা প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী মাজত আজি বিতৰণ কৰা হয় জাতীয় পতাকা।

এই জাতীয় পতাকা বিতৰণ কৰা অনুষ্ঠান জিলা আৰক্ষী অধীক্ষকৰ লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়া সকল। উপস্থিত প্ৰশাসনৰ বিষয়া সকলে জাতীয় চেতনাবোধৰ দিশত ছাত্ৰ ছাত্ৰী সকলক মাজত ভিন্ন দিশ আলোচনা কৰা লগতে তেওঁ লোকক একোখন কৈ জাতীয় পতাকা বিতৰণ কৰে।