চৰাইদেউ জিলাত চৰাইদেউ মৈদামৰ অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপ খনকলৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে। বিশেষ সুত্ৰে জানিব পৰা মতে উপায়ুক্তৰ প্ৰতিবেদনত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰিখন ৰাজহ গাঁও নাজিৰা মহকুমাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নাজিৰা মহকুমাৰ লেঙীবৰ আৰু চুকাফা গাঁও পঞ্চায়তক সামৰি চৰাইদেউ মৈদামক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি ইতিমধ্যে কেবিনেটৰ অনুমোদনলৈ প্ৰেৰণ কৰিছে।অন্যহাতে চৰাইদেউ জিলাৰ প্ৰস্তাৱিত মেপ খন ৰাজহুৱা হৈ পৰাৰ লগে লগে হলৌ ফুকন পঞ্চায়ত আৰু চৰাইদেউ পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।মুখ্যমন্ত্ৰীগৰাকীক এনে সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছে। আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিছে।