শিৱসাগৰঃ  শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নাজিৰা মহকুমা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰে ৷ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে আজি লিগীৰিপুখুৰীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সকলো চিকিৎসক, বিষয়া-কৰ্মচাৰীৰ লগত চিকিৎসালয়ৰ প্ৰতিটো আভ্যন্তৰীণ আৰু বাহ্যিক দিশৰ ওপৰত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷ উল্লেখযোগ্য যে, পুৱা ১০ টা বজাত চিকিৎসালয়খন আকস্মিকভাৱে পৰিদৰ্শন কৰি ফাৰ্মাচী, ঔষধ ভঁড়াল, ঔষধ সমূহৰ ম্যাদ, সৰ্পদংশনৰ এণ্টিভেনম,কুকুৰে কামোৰাৰ প্ৰতিষেধক আদি মজুত আছেনে..নাই, অ পি ডি ৰেজিষ্ট্ৰেচন, ৰাতি চিজাৰিয়ান শাখা (Night C.S.)আদি নিৰীক্ষণ কৰে । ৰাতি চিজাৰীয়ান শাখা (Night C.S.) ডেলিভাৰী সংখ্যা বঢ়াবলৈ নিৰ্দেশ দিয়ে, আয়ুষ্মান কাৰ্ডৰ বিতৰণ বৃদ্ধি কৰিবলৈ আহ্বান জনোৱাৰ লগতে জিলা আয়ুক্তগৰাকীয়ে উক্ত পৰিদৰ্শনৰ সময়ছোৱাত তেওঁৰ লগত সংগ দিয়া জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰাই স্বাস্থ্য প্ৰতিষ্ঠানটিৰ প্ৰতিটো কোঠা তন্ন তন্নকৈ নিৰীক্ষণ কৰে । জৈৱ চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনা (Bio Medical Waste Management) আদি নিৰীক্ষণ কৰাৰ লগতে চিকিৎসা প্ৰতিষ্ঠানটিৰ উপ-অধীক্ষক ডাঃ কোকিল গগৈক প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।তাৰোপৰি চিকিৎসা প্ৰতিষ্ঠানটিৰ সন্মুখ আৰু প্ৰসৱ কক্ষৰ সন্মুখত একোটা প্লাষ্টিক বেংক ৰাখিবলৈও আহ্বান জনায় ৷ জিলা আয়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তগৰাকীয়েও স্বাস্থ্য প্ৰতিষ্ঠানটিত উপস্থিত থকা ৰোগীসকলৰ লগতে বিষয়া কৰ্মচাৰী তথা এ এন এম্./জি এন এম সকলৰ লগত মত বিনিময় কৰাৰ লগতে নিষ্ঠাসহকাৰে প্ৰতিগৰাকী ৰোগীক চিকিৎসাসেৱা আগবঢ়াবলৈ আহ্বান জনায় । জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি আজিৰ এই পৰ্য্যালোচনা সভাত প্ৰতিষ্ঠানটিৰ চিকিৎসক, বিষয়া-কৰ্মচাৰীৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিৱসাগৰৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱ জ্যোতি শইকীয়া, তথ্য পৰিচালক ভূপেন্দ্ৰ গগৈ আৰু অসংক্ৰমিত ৰোগ নিয়ন্ত্ৰণ কোষৰ জিলা সমন্বয়ক সত্যজিৎ ভূঞা আদি উপস্থিত থাকে ।