ৰহাৰ পূব গডমাৰীত আজিৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ হয়।
পূব গডমাৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত পাঠ ৰ আজি পূবা প্ৰাত:প্ৰসংগ আৰু ভাগবত শুভাযাত্ৰা উলিওৱা হয়।চাপৰমুখৰ বিভিন্ন মাৰ্গ হৈ যোবা শুভাযাত্ৰাৰে সমস্ত ক্ষেত্ৰ নাম কীৰ্ত্তনৰে ভক্তিময় হৈ পৰে। আঞ্চলিক বৰ বায়ন হৰেশ্বৰ বৰাৰ দ্বাৰা ধৰ্মধ্বজা উওোলন কৰাৰ পাছত ভাগবত স্থাপন আৰু ভাগবত আৰম্ভ হয়।
তিনি দিনীয়া ভাগবত পাঠ সূচাৰু পৰিচালনাৰ বাবে সঞ্জীৱ কুমাৰ বৰাক সভাপতি আৰু উৎপল হাজৰিকাক সম্পাদক হিচাপে লৈ এখন আয়োজন সমিতি গঠন কৰাৰ লগতে কেইবাটাও উপ সমিতি গঠন কৰা হয়।
দ্বিতীয় দিনা ভাগবত পাঠ চলি থকাৰ লগতে ৩য় দিনা দিনৰ ১২বজাত ভাগবত পাঠ ৰ সমাপ্ত হোবাৰ লগতে দিহানাম পৰিবেশন কৰা হব।