ৰহা অংকুৰ জ্যোতি বিহুবা দল আৰু বিহু শিল্পী সংস্থা নগাঁও জিলা ৰ ব্যবস্থাপনাত চতুৰ্থ বৰ্ষ বৃহতৰ ৰহা বিহু কৰ্মশালা অহা ১৭মাৰ্চৰ পৰা ২৪মাৰ্চলৈ ৮দিনীয়া কাৰ্য্যসূচীৰে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন নতুন ভবনত আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

     আয়োজন সমিতিয়ে জানিব দিয়া মতে বিয়লী ৩.১৫বজাৰ পৰা ৫.৩০লৈ অনুষ্ঠিত হব লগা বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষিকা ৰুপে বিহুৰানী, অসম কুবঁৰী ও বিহু সম্ৰাগী ৰিমঝিম গগৈ আৰু বৰ বিহুবতী জিলমিল গগৈ উপস্থিত থকাৰ লগতে প্ৰশিক্ষক ৰুপে বিহু কৃষ্টি সাধক পদুম প্ৰসাদ শইকীয়া,বিশিষ্ট বিহুবা চন্দ্ৰ শইকীয়া,সৌৰভ কলিতা,বিশিষ্ট বিহুবতী ৰূপালী দেবী,বিহুবতী নিশিতা ডেকা,প্ৰিয়ংকা দেবী, কুঞ্জশ্ৰী ডেকা,সাৰিকা ডেকা,ৰিজাশ্ৰী কোঁৱৰ,কুমকুম দাস,অংকীতা বৰুৱা আৰু বিশিষ্ট ঢোল বাদক মনোজ কোঁৱৰ উপস্থিত থাকি প্ৰশিক্ষণ দিব।লগতে সহযোগী প্ৰশিক্ষক ৰুপে ৰহা অংকুৰজ্যোতি বিহুবা দলৰ সদস্য সদস্যা থাকিব।

বিহু কৰ্মশালা ৰ অন্তিম দিনা ২৪মাৰ্চৰ সামৰনি অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হব বৰ বিহুবা বিপুল চেতীয়া ফুকন আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পী ও বিহু বা হিৰকজ্যোতি শৰ্মা।

     বিহু কৰ্মশালা ৰ পৰিচালক ৰাজীৱ বৰদলৈ,উপেন মেধি,জিতুমনি দাস,অতুল বৰদলৈ আৰু ডিম্বেশ্বৰ দাসে সকলো ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে।