ডিব্ৰুগড় বিশ্ববিদ্যালয় উপাচাৰ্য দায়িত্ব গ্ৰহন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ অধ্যাপক ড০ জিতেন হাজৰিকাৰ। ৫ আগষ্টত ৰাজভৱনত শপত গ্ৰহণৰ পিছতে উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি আজি সংবাদ মাধ্যমক সম্বোধন উপাচাৰ্য ড০ হাজৰিকাৰ। উপাচাৰ্য কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত ড০ হাজৰিকাই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আগবঢ়াই লৈ যোৱা হ'ব বুলি মন্তব্য কৰে ।

অহা শিক্ষা বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত প্ৰস্তুত কৰা হ'ব শিক্ষা নীতি। বিশ্ববিদ্যালয়ৰ অধীনত ১৭৮ খন মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত আগবঢ়াই লৈ যোৱা পৰিকল্পনা উপাচাৰ্য ড০ জিতেন হাজৰিকাৰ। কেৱল ডিগ্ৰী পাবলৈ বিশ্ববিদ্যালয় নহয়। সমাজ গঢ়িবলৈ বিশ্ববিদ্যালয় হোৱাটো বিচাৰোঁ বুলি মন্তব্য। পৌৰাণিক নীতিক আওকাণ কৰিলে শিক্ষা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে বুলিও মন্তব্য ড০ হাজৰিকাৰ। শিক্ষাৰ দ্বাৰা মানৱ সম্পদ গঢ়িব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য। বিদেশত থকা ভাৰতীয় মূলৰ ব্যক্তিৰ পৰা শিক্ষা আহৰণত গুৰুত্ব নতুন উপাচাৰ্যৰ।লগতে বিভিন্ন সময়ত বিশ্ববিদ্যালয়ৰ সংঘটিত দুনীতি আৰু অনিয়মসমূহ ৰোধ কৰি এক স্বচ্ছ বিশ্ববিদ্যালয় হিচাপে গঢ় দিবলৈ উপাচাৰ্য ডঃ জীতেন হাজৰিকাই চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে।

শিক্ষকৰ পুত্ৰ হিচাপে গৌৰৱান্বিত উপাচাৰ্য্যগৰাকীয়ে পাঁচবছৰ কাৰ্যকালত কোনোধৰনৰ দুৰ্নীতি নহব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইফালে আন্দোলনে কেতিয়াও সমাধানৰ বাট প্ৰশস্ত কৰিবৰ নোৱাৰে। ইয়াৰ পৰিৱৰ্তে প্ৰকৃত ঘটনাক অনুসন্ধান কৰি, বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে কেনেদৰে সমাধান কৰিব পাৰি, সেইক্ষেত্ৰতহে ছাত্ৰ সমাজে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাক শুদ্ব দৃষ্টিভংগীৰে সহযোগ কৰিব লাগিব বুলি উপাচাৰ্যগৰীকীয়ে মতপ্ৰকাশ কৰে। ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনক সবোতোপ্ৰকাৰে আগুৱাই নিবলৈ ছাত্ৰ সমাজ, শিক্ষক সমাজ, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী লগতে সমাজৰ সচেতন নাগৰিকসকলে আগন্তুক দিনবিলাকত সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে নৱনিযুক্ত উপাচাৰ্য ডঃ জীতেন হাজৰিকাই।