বৃহস্পতি বাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাইত মাহমৰা সমষ্টিৰ।বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনে চৌৰাল্লিশটা গৃহৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা কলনিৰ শুভ উদ্বোধন কৰাৰ লগতে গৃহ প্ৰৱেশ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে।লগতে মাহমৰা সমষ্টিৰ এনৰেগা আচঁনিৰ অধীনত প্ৰায় সাতান্নবৈ লাখ টকা ব্যয়ৰে উনৈশটা আচঁনিৰ শুভ উদ্বোধন কৰে।এই অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে মাহমৰা খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেণ গগৈ আদিৰ লগতে বহুস্থানীয় লোক উপস্থিত থাকে।
মাহমৰাৰ খুমটাইত ৪৪টাগৃহৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনিৰ শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যো গেন মহনে।
