সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা ৰহা আঞ্চলিক সমিতিয়ে আজি দিনৰ ১১বজাৰ পৰা ১বজালৈ ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ৰ সন্মুখত দুই ঘন্টিয়া অবস্থান ধৰ্মঘট পালন কৰি অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষা স্বাৰ্থত নতুন পেঞ্চন আঁচনি(NPS)বাতিল কৰি পুৰনি পেঞ্চন আঁচনি (OPS)পুন প্ৰবৰ্তন কৰাৰ দাবীৰে আজি দুই ঘন্টিয়া অবস্থান ধৰ্মঘট পালন কৰে আৰু চৰকাৰক পুৰনি পেঞ্চন আঁচনি পুন প্ৰবৰ্তন কৰাৰ দাবী জনাই।
অবস্থান ধৰ্মঘটত ৰহা আঞ্চলিক এন পি এছ কৰ্মচাৰী সংস্থা ৰ উপ সভাপতি জীতুমনি বৰদলৈ,সম্পাদক ৰুবুল কুমাৰ দাস,যুটীয়া সম্পাদক ৰিমা বৰুৱা সহ অৱসৰ প্ৰাপ্ত শিক্ষক সহ চৰকাৰী এন পি এছ সন্থাৰ সদস্য সদস্যা উপস্থিত থাকে।