মঙ্গলদৈত আজব ঘটনা।

ব্ৰাহ্মণৰ লৰাই নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে মৃত্যুৰ সময়ত নাহিল ওচৰত চুবুৰীয়া।

মঙ্গলদৈৰ নিকটবৰ্তী পটালসিং পাৰা গাঁৱৰ অতুল শৰ্মাৰ ,(৬৫বছৰ) মঙ্গলবাৰে মাজৰাতি মৃত্যু হৈছিল।

বুধবাৰে গৃহস্থই ওচৰ চুবুৰীয়াক অন্তিম সৎকাৰৰ বাবে অনুৰোধ জনাইছিল। তাৎপৰ্যপূৰ্ণ কথা যে অতুল শৰ্মাই ২৮ বছৰ পূৰ্বে লক্ষীমপুৰ জিলাৰ আজাদ তিনিআলিৰ নিম্ন জাতিৰ ছোৱালী প্ৰনিতা খাটনিয়াৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

কিন্তু হঠাৎ মঙ্গলবাৰে অতুল শৰ্মাৰ আকস্মিক মৃত্যু ঘটে।

পৰবৰ্তী সময়ত অতুল শৰ্মাৰ মৃতদেহটো অন্তিম সৎকাৰ বাবে ওলাই নাহিল কোনো ৰাইজ।

অৱশেষত মৃত অতুল শৰ্মা ৰ নিজৰেই দুই ভাতৃয়ে মৃত দেহটো নৈৰ কাষত পুটি থয়।