বৰহাটত ভাৰতীয় জনতা পাৰ্টী বৰহাট মণ্ডলৰ উদ্যোগত তথা মৰ্চা ও বুথ সমিতি সমূহৰ সহযোগত প্ৰভাতভেৰী কাৰ্যসূচী পালন।

আজি ভাৰতীয় জনতা পাৰ্টী বৰহাট মণ্ডলৰ উদ্যোগত তথা মৰ্চা বুথ সমিতি সমূহৰ সহযোগত বৰহাট মণ্ডল কাৰ্য্যালয়ৰ পৰা বৰহাট বজাৰ হৈ বৰহাট ৰেল ষ্টৈচনৰ কাষেদি *পুৱা* ৫-০০বজাৰ পৰা *প্ৰভাতফেৰী* কাৰ্যসূচী পালন কৰা হয়।  

 কাৰ্য্যসূচীত বৰহাট মণ্ডলৰ সভাপতি কমল কুৰ্মী , সাধাৰন সম্পাদক চন্দন সোনোৱাল ,সম্পাদক দ্বীপন পাল ,উপ সভাপতি জয়ন্ত সোনোৱাল , ধন কুমাৰী তেলী , চাহ জনগোষ্ঠী মৰ্চাৰ মণ্ডল সভাপতি কাৰ্তিক উৰাং, সাধাৰণ সম্পাদক টিটু আৰিয়ন চুনা যুৱ মৰ্চাৰ জিলাৰ দায়িত্বত থকা বিশ্বজিৎ বৰুৱা বিজেপি দলৰ জেষ্ঠ কাৰ্য্যকৰ্তা গদৰাম গগৈ , নাহৰপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰিতিময়ূৰী গগৈ মণ্ডলৰ অন্তৰ্গত মণ্ডল সমিতি ও মৰ্চা সমিতি সমূহৰ বিষয়ববীয়া সকল ,বুথৰ সভাপতি ও কাৰ্য্যকর্তা সকলে অংশগ্ৰহণ কৰে।

     উক্ত অনুষ্ঠানত প্ৰত্যেকে হাতে হাতে তিৰংগা লৈ ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পৰিবেশন কৰা হয় ।