ৰহা মধ্য টুপাকুছি সাৰ্বজনীন শিৱ মন্দিৰৰ সমীপত নব নিৰ্মিত শ্ৰীশ্ৰী শনি মন্দিৰৰ প্ৰান প্ৰতিষ্ঠা সমাৰোহ আজি জল যাত্ৰা ৰে শুভাৰম্ভ হৈ আৰু সমস্ত ক্ষেত্ৰ শনি মহাৰাজ,জয় মহাদেৱ ৰ জয়ৰে ভক্তিময় হৈ পৰে।

        আজি প্ৰান প্ৰতিষ্ঠা উপলক্ষে দূপৰীয়া ৰহা ষঠ পূজা ঘাটৰ পৰা পুৰোহিত ৰ বৈদিক মন্ত্ৰচাৰনেৰে পূজা অৰ্চনা ৰ পাছত ওলোৱা জল যাত্ৰা ৰহা ৰ মুখ্য পথ হৈ ৰহা সাৰ্বজনীন শিৱ মন্দিৰ ত সমাপন হয়।

        জল যাত্ৰা ত মহিলা,যুবক যুবতীয়ে অংশ লৈ সমস্ত ক্ষেত্ৰ জল শনি মহাৰাজ,জল বজৰংগবলী,জয় মহাদেৱ ৰে ভক্তিময় কৰি তুলে।

     তিনি দিনীয়া কাৰ্য্যসূচী ৰে শুভাৰম্ভ হোবা প্ৰান প্ৰতিষ্ঠা ৰ দ্বিতীয় আৰু ৩য় দিনা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচী অনুষ্ঠিত হব।