যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ কুৰ্মীচুকত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পথৰ আধাৰশিলা স্থাপন ৷ ১০ মাৰ্চত ৰাজ্যিক লোকনিৰ্মাণ পথ সংমণ্ডলৰ অন্তৰ্গত যোৰহাট জিলাৰ অন্যতম মৰিয়নি সমষ্টিৰ তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ টিপমীয়া কুৰ্মীচুকৰ পৰা নামচিচু সংযোগী পথ(কুৰ্মীচুকৰ পৰা কলীয়াপানী)ৰ অতিৰিক্ত সংযোগী অংশ ধৰি--RIDF-XXIX নাৱাৰ্ডৰ ২০২৩-২৪ আঁচনিৰ আজি প্ৰথম পৰ্য্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উক্ত অনুষ্ঠানত লোকনিৰ্মাণ পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও বিভাগৰ অনুমোদিত ঠিকাদাৰ সঞ্জীৱ মেথ্যুচ্‌, দেৱজিৎ শৰ্মাসহ স্থানীয় ৰাইজ উপস্থিত থাকে৷