ৰহাৰ পূব ৰাগাঁওত যোবাৰাতি সু যোগ্য ৰজাৰ ধৰ্ম পৰীক্ষা অংকীয়া নাট মঞ্চস্থ হয়।

      ৰহা পূব সৰাগাঁও,পশ্চিম শালমৰা আৰু ববৰাআটি সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগনত যোবাৰাতি উদযাপন সমিতিৰ উদ্যোগত প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও মহা শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হোবা অংকীয়া নাট সু যোগ্য ৰজাৰ ধৰ্ম পৰীক্ষা।

    এই উপলক্ষে নিশা ১০.৩০ বজাত লেখক,কবি,শিক্ষক লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অবসৰ প্ৰাপ্ত শিক্ষক, সাংবাদিক সহ প্ৰায় অৰ্ধ শতাধিক গন মান্য ব্যক্তিক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

     ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা ৰ উদ্বোধন কৰা অংকীয়া নাট ত স্থানীয় শিল্পী সকলে অংকীয়া নাট পৰিবেশন কৰি ৰাইজক আপ্লুত কৰি তুলে।

    নাট ত উদযাপন সমিতিৰ সভাপতি মাধব কোঁৱৰ, সম্পাদক বৰুণ বিকাশ দাস সহ সদস্য সদস্যা,গনমান্য ব্যক্তি আৰু শতাধিক ৰাইজ উপস্থিত থাকে।