প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষ ও ৰহাত ৩২প্ৰহৰ হৰিনাম কীৰ্ত্তন ও মহোৎসৱ আগন্তুক ২৭মাৰ্চৰ পৰা শুভাৰম্ভ হব।

    ৰহা বজাৰ স্থিত সাৰ্বজনীন পূজা মণ্ডপ প্ৰাংগনত অহা ২৭মাৰ্চৰ পৰা হৰিনাম কীৰ্ত্তন ও মহোৎসৱ ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে ২৭ মাৰ্চত অধিবাসেৰে হৰিনাম কীৰ্ত্তন ও মহোৎসৱ শুভাৰম্ভ কৰাৰ লগতে ২৮মাৰ্চত সূৰ্য্যোদয়ৰ লগে লগে হৰি নাম কীৰ্ত্তন ৰ আৰম্ভ হব।২৭মাৰ্চৰ পৰা ১ এপ্ৰিল লৈকে ৬দিনীয়া কাৰ্য্যসূচীৰে চলিব লগা মহোৎসৱ ৰ সমাপন ১ এপ্ৰিল ত সূৰ্য্যোদয় ৰ লগে লগে ৩২ প্ৰহৰ হৰিনাম কীৰ্ত্তন ও মহোৎসৱ সমাপন হোবাৰ লগতে দুপৰীয়া শ্ৰীশ্ৰী মহাপ্ৰভুৰ ভোগ আৰতি ও প্ৰসাদ বিতৰন কৰা হব।

    ৬দিনীয়া হৰিনাম কীৰ্ত্তন ও মহোৎসৱ সূচাৰু পৰিচালনাৰ বাবে শ্ৰী ক্ষীৰোদ হাজৰিকাক সভাপতি,ভাগবত বনিকক সম্পাদক, ৰাজেশ ৰয়ক সহ সম্পাদক আৰু বিপ্লৱ বনিকক কোষাধ্যক্ষ হিচাপে লৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।