যোৱা ৩১ জুলাইত চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰা পূৱ - ঢকুৱাখনা পঞ্চায়তৰ অন্যতম শিক্ষানুষ্ঠান যোগীসূঁতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভদ্ৰকুমাৰ দলেক আজি বিদ্যালয়ৰ প্ৰাংগনত আনুষ্ঠানিক ভাবে বিদায় জনাই ৷ অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ দলে সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভাখনত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে শিক্ষক গোট, ছাত্ৰছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা ,ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনায় ভদ্ৰকুমাৰ দলেক।

১ জুলাই ১৯৮৬ চনতে এই বিদ্যালয় সহঃশিক্ষক হিচাপে নিযুক্ত লাভ কৰি পৰবৰ্তী সময়ত একেখন বিদ্যালয়তে ২০১৭ চনৰ ছেপ্তেম্বৰ পৰা প্ৰধান শিক্ষকলৈ পদোন্নতি হৈ দশক জুৰি অধিক কাল বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অকৃপণ অৰিহণা যোগাই আহিছিল ৷ প্ৰধান শিক্ষক গৰাকীৰ বিদায় সভাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ শইকীয়াৱে অংশ গ্ৰহণ কৰি প্ৰধান শিক্ষক ভদ্ৰকুমাৰ দলেৰ কৰ্মময় জীৱন বিষয়ত নাতিদীৰ্ঘ ভাষণ আগবঢ়ায়৷ সভাত বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন বৰা, অৱসৰী শিক্ষক ভূৱন পেগু, ৰজনীকান্ত পেগু,বিজয় পেগু, সুনীতা পেগু দলে, হেমচন্দ্ৰ পেগু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ কুলি, ছাত্ৰ গোট হৈ সাধাৰণ সম্পাদক ৰাজু দলেৱে বিদায় সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ প্ৰাক্তন ছাত্ৰ তথা হাৰ্হি মহাবিদ্যালয় অধ্যাপক ৰঞ্জিত সন্দিকৈ আঁতধৰা সভাত প্ৰধান শিক্ষক গৰাকীক অভিভাৱক সকলে আজৰি সময় উলিয়াই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক মাজে সময়ে পাঠদান কৰিবলৈও আহ্বান জনায়৷

সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দলেয়ে ভাষণ ৰাখি সুদীৰ্ঘ কাল শিক্ষকতাৰ সৈতে জড়িত হৈ এক মহান কাম কৰিবলৈ সুবিধা পালো বুলি উল্লেখ কৰে৷ তেখেতৰ ভাষণ প্ৰসংগত আৰু কয য়ে শিক্ষক আৰু মুৰব্বী হিচাপে এইদৰে কৰ্মময় জীৱন আৰম্ভ কৰাৰ সুবিধা পোৱা সকলৰ ভাগ্য মহান৷কাৰণ মানৱ সভ্যতাৰ ভেটি সুদৃঢ় কৰি শিক্ষাৰ পোহৰ বিলাই একোজন শিক্ষকে ৷ কলুষিত অন্ধকাৰ নাশ কৰি জ্ঞান বিয়পাই একোজন শিক্ষকে৷যাৰ ভৰসাতে লহ-পহকৈ বাঢ়ে ছাত্ৰছাত্ৰীৰ সপোন৷নিজে জ্বলি জ্বলি আনক পোহৰাই যিয়ে জীৱনবোধৰ পাঠ শিকাই ছাত্ৰছাত্ৰীক৷ এই মাধ্যমৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ শিক্ষা প্ৰদান কৰি সমাজ তথা দেশ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰছাত্ৰী পৃথকে পৃথকে শৰাই ,গামোচা,চেলেং,ছাটি,আৰু ধৰ্মগ্ৰন্থৰে বিদায় প্ৰধান শিক্ষক গৰাকীক ঊস্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷সভাৰ অন্তত প্ৰখদ ৰ'দকো নেওচি শিক্ষক-শিক্ষয়িত্ৰী সকলে অৱসৰী শিক্ষক গৰাকীক মাতমৰাস্হিত স্বগৃহলৈ আদৰি নিয়ে৷সভাত ছাত্ৰছাত্ৰীৰ লগতে অভিভাৱক আৰু স্হানীয় অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ আগবঢ়ায়৷