শিৱসাগৰঃ আমগুৰিত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ শিলান্যাস স্থাপন কৰে ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিকাশ যাত্ৰাৰ অংশ স্বৰূপে আজি ৰাজমাইৰ ৰাজহুৱা খেলপথাৰ আৰু আমগুৰিৰ হালোৱাটিং মজদুৰ উচ্চ ইংৰাজী বিদ্যালয় অনুষ্ঠিত দুখনকৈ সভাত অংশগ্ৰহণ কৰে ৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এটা পষেক ধৰি চলি থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে আমগুৰি অঞ্চলত চাৰিখনকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কেইবা কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিছো ৷ মন্ত্ৰী গৰাকীয়ে আমগুৰি উচ্চ ইংৰাজী বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ নতুনগৃহ নিৰ্মাণ, আমগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আউনীআটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে শিলান্যাস কৰে ৷ ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে ৰাজমাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে আৰু ডিমৌৰ আদৰ্শ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে শিলান্যাস স্থাপন কৰে ৷ আজিৰ হালোৱাটিংৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত পাৰ্থপ্ৰতীম খনিকৰ, আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগৰ লগতে গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ৷