২০১৭চনত ৰহাত স্থাপিত ৰহা পতঞ্জলি যোগ সমিতিৰ দ্বাৰা ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত প্ৰত্যেক দিনা পূবা বিনামূলীয়া যোগ শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে সমিতিৰ অন্তৰ্গত ৰহা, চাপৰমুখ ত বিভিন্ন শাখা শিবিৰতো যোগ প্ৰশিক্ষক ৰ দ্বাৰা যোগাসনৰ প্ৰশিক্ষণ দি থকা হৈছে।

       ৰহা পতঞ্জলি যোগ সমিতিৰ দ্বাৰা প্ৰত্যেক বৰ্ষতে যোগ দিৱস উদযাপন কৰি অহাৰ ক্ৰমত এই বছৰো অহা ২১জুনত ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত "স্বাস্থ্যই পৰম সম্পদ"শিৰ্ষক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ৰ প্ৰস্তুতি চলাই থকা হৈছে।

      ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ড° লক্ষীধৰ দাসে জানিবলৈ দিয়া মতে ৰহা পতঞ্জলি যোগ সমিতিৰ অন্তৰ্গত দক্ষিণ বাৰপূজীয়া,নিজ মিকিৰ গাঁও, অমৰাবতী,মধ্য টোপাকুছি,খাইগড,দীঘলদৰী,হাৰিয়ামুখ, কমাৰজান,দীঘলিআটি,চাপৰমুখ,গড়মাৰী,সৰাগাঁও, মিলনপুৰ আৰু গান্ধীবড়ী সহ ১৪টা শাখা শিবিৰে সহযোগিতা আগবঢ়াইছে।