ভজো পঞ্চায়তৰ ৭ নং ৱাৰ্ডত প্ৰভাত ফেৰী কাৰ্যসূচী পালন।

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি সোণাৰিৰ ভজোতো অনুষ্ঠিত কৰা হয় প্ৰভাত ফেৰী কাৰ্যসূচী। ভজো গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ সদস্য বিজিত দত্তৰ নেতৃত্বত পুৱা চাৰে চাৰি বজাতেই শুভাৰম্ভ কৰা হয় প্ৰভাত ফেৰী কাৰ্যসূচী। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ভজো পঞ্চায়তৰ সাত নং ৱাৰ্ডৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ পৰিভ্ৰমণ কৰে প্ৰভাত ফেৰীত অংশগ্ৰহণ কাৰী সকলে।