শিৱৰাত্ৰিত অস্থায়ীভাৱে দোকান দিবলৈ এতিয়াৰ পৰা জিলা প্ৰশাসনৰ পৰা ল’ব লাগিব আপত্তিবিহীন প্ৰমাণ পত্ৰ ৷ উল্লেখ যে, অহা ৪ মাৰ্চৰ পৰা শিৱসাগৰৰ শিৱদৌলত অনুস্থিত হ'বলগীয়া মহাশিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে শিৱদৌল প্ৰাঙ্গণ আৰু দাঁতিকাষৰীয়া অঞ্চলত অস্থায়ীভাৱে দোকান স্থাপন কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ লগতে আপত্তিবিহীন প্ৰমাণ পত্ৰ ল’ব লাগিব ৷ আপত্তিবিহীন প্ৰমাণ পত্ৰ অবিহনে কোনো লোককে অস্থায়ীভাৱে দোকান স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব বুলি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নিৰ্দেশ জাৰি কৰিছে ৷ আনহাতে জিলা আয়ুক্তৰ এনে সিদ্ধান্তক সচেতন মহলৰ লগতে "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" শিৱসাগৰ জিলা সমিতিয়ে আদৰণি জনাইছে ৷৷