ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে অঘটন। ৰাজগড় একাডেমী চেণ্টাৰ নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত বুধবাৰে বিদ্যালয় চুটিৰ সময়ত কেইজনমান সতীৰ্থ ছাত্ৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ৰুমাৰিঅ ৰাজ বৰগোঁহাই নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ। টিংখাঙৰ

প্ৰয়াত অমূল্য বৰগোঁহাই আৰু ৰোমাক্ষী বৰগোঁহাইৰ পুত্র তথা নৱম শ্ৰেণীৰ ছাত্ৰ ৰুমাৰিঅ ৰাজ বৰগোঁহাইক বিদ্যালয় চুটিৰ সময়ত বিদ্যালয় খনৰ চৌহদৰ ভিতৰতে কেইবাজনো ছাত্ৰই ধৰি লৈ আক্ৰমণ কৰে। ফলত ছাত্র জনে চকু, নাক, মুখত গুৰুতৰ ভাৱে আঘাত পাই আহত হয়। লগে লগে ছাত্র জনক স্থানীয় ৰাজগড় সামুহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাই ঘৰত থৈ আহে। ছাত্ৰ জনক ইমান বেয়াকৈ আঘাত কৰা হয় যে আজিলৈকে আহত ছাত্র জনৰ এটা চকু মেলিব নোৱাৰাৰ লগতে নাকেৰে তেজ ওলাই আছে। আজি আহত ছাত্র জনক পুনৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ নিয়া হয়। এতিয়া নিৰাপত্তাহীনতাত ভুগিছে পিতৃহীন ছাত্ৰ জনৰ লগতে মাতৃয়ে । পুত্ৰৰ নিৰাপত্তা বিচাৰি মাতৃয়ে আজি টিংখাং থানাত এজাহাৰ দাখিল কৰেছে। ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে বিদ্যালয় কতৃপক্ষ্যই তিনিজন ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰে দুজন ছাত্ৰক এবছৰৰ বাবে বিদ্যালয় পৰা বহিস্কিত কৰাৰ বিপৰীতে আন এজনক এমাহৰ বাবে বহিস্কাৰ কৰা কথা সদৰী কৰে বিদ্যালয়খনৰ অধ্যক্ষই।