ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰ উদ্যোগত,কপিলী প্ৰাথমিক শিক্ষক সমাজ ৰ সহযোগত আৰু কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ৰ ব্যবস্থাপনাত আজি ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান সম্পন্ন হৈ যায়।
কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰ সভাপতি ৰঞ্জিত পাতৰ ৰ সভাপতিত্বত আৰু সম্পাদক লক্ষী প্ৰসাদ ডেকা ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠীত হোবা বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত সদ্য বিদায়ী কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা মৰিগাঁও জিলা বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক সমৰ বৰুৱা, মায়ং শিক্ষা খণ্ডৰ শিক্ষা বিষয়া লেখামনী হীৰা,নবাগত কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আনাৰুল ইছলাম আৰু ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ নবাগত অধ্যক্ষ সুৰেশ সৰকাৰক এখন এখন ফুলাম গামোচা,জাপি,চেলেং আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা ৰ লগতে উপস্থিত কপিলী টেট উওীৰ্ন শিক্ষক সমাজ, ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা সহ বিভিন্ন বিদ্যালয়ৰ শিক্ষক, শিক্ষয়ত্ৰীয়ে চাৰিগৰাকী শিক্ষা বিষয়াক সম্বৰ্ধনা জনাই।লগতে শিক্ষা বিষয়া সমৰ বৰুৱা আৰু লেখামনী হীৰাই তেওঁলোকৰ কাৰ্য্যকালৰ স্মৃতি ৰোমন্থন কৰা লগতে শিক্ষা বিষয়া লেখামনী হীৰাই জনপ্ৰিয় কন্ঠশিল্পী জয়ন্ত হাজৰিকাৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তুলে ।
ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ অধ্যক্ষ আনাৰুল ইছলাম, কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সুৰেশ সৰকাৰ,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে সম্বোধন কৰাৰ লগতে সভাত নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, নগাঁও জিলা টেট উওীৰ্ন শিক্ষক সমাজ ৰ সভাপতি ভবজ্যোতি ডেকা,সম্পাদক সঞ্জীৱ কুমাৰ নাথ,মুখ্য গাননীক বিষয় ৰাকেশ কলিতা সহ কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী, কপিলী টেট উওীৰ্ন শিক্ষক সমাজ, কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ৰ প্ৰতিনিধি সহ বিভিন্ন বিদ্যালয় ৰ শিক্ষক,শিক্ষয়ত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।